Download our app

শিক্ষক দিৱসৰ বিষয়ে ৰচনা

শিক্ষক দিৱসৰ বিষয়ে ৰচনা

১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে । তেওঁ দেউতাকৰ নাম আছিল বীৰা স্বামী আৰু মাতৃৰ নাম সীতামা আছিল । ৰাধাকৃষ্ণণৰ ৮ বছৰ বয়স হোৱালৈকে, তেওঁ পিতৃ-মাতৃৰ তত্বৱধানত থাকি শিক্ষা লয়। ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক তিৰুপটিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয় , বীৰ চমাইয়া নিজে এজন গোড়া ব্ৰাক্ষ্মণ হ’লেও, শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণৰ একাগ্ৰতালৈ লক্ষ্য কৰি তেওঁক এই খ্ৰীষ্টিয়ান Megna শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিন্ধান্ত লয়। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ লৈ ভেলোৰ কলেজ আৰু ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। সেই সময়তেই বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিয়ে । জীৱনত তেওঁৰ কৰ্ম ৰাজিৰ বাবে বিভিন্ন পুৰষ্কাৰেৰে সন্মানিত হৈছিল । ১৯৫৪ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰে ।

সৰ্বপল্লী ৰাধাকৃষ্ণন

ড০ ৰাধাকৃষ্ণণ যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় তেতিয়া ৫ ছেপ্তেম্বৰৰ দিনাখন তেওঁৰ জন্মদিন পালনৰ বাবে এগৰাকী ছাত্ৰই অনুমতি বিচাৰিছিল । তেতিয়া সিদ্ধ পুৰুষ, মহান গুণৰ অধিকাৰী গৰাকীয়ে কৈছিল যে –মোৰ জন্মদিন পালন কৰিব বিচৰাটো মোৰ বাবে গৌৰৱৰ বিষয় কিন্তু এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই আৰু অধিক আনন্দিত হম । লগতে তেওঁ শিক্ষকসকলক দেশৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি অভিহিত কৰি কয় যে- “teachers should be the best minds in the country” । তাৰ পিছত ১৯৬২ চনৰ পৰা প্ৰতি বছৰে ৫ ছেপ্তেম্বৰ তাৰিখটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে ।

এই দৰে কেৱল এগৰাকী শিক্ষাপ্ৰাণ তথা সমাজখন শিক্ষাই পোহৰাব পাৰে বুলি বিশ্বাস কৰা ব্যক্তিয়েই কব পাৰে । যি দৰে তেখেতে কৈছিল । ৰাষ্ট্ৰপতি হোৱাৰ পাছতো তেখেতে শিক্ষকতাকেই অধিক গুৰুত্ব দিছিল । পল আৰ্থাৰ স্কিলিপছে ৰাধাকৃষ্ণণৰ
ড০ ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিবস হিচাপে পালন কৰাৰ যি পৰম্পৰা আমাৰ মাজত চলি আহিছে তাৰ জৰিয়তে আমি শৈক্ষিক দিশত অনেকখিনি উত্কৰ্ষ সাধন কৰিব পাৰি । সেয়ে শিক্ষকৰ দিৱস প্ৰাসঙ্গিকতা সদায়েই থাকিব । কাৰণ শিক্ষা ব্যৱস্থাও সদায় গতিশীল ৰূপত চলি থাকিব । মূল কথাটো হল তেখেতৰ উদাৰ মানসিকতা, আদৰ্শৱান ব্যক্তিত্ব আৰু গুণৰাজিৰ তাত্পৰ্য আমি উপলবদ্ধি কৰি সেই আদৰ্শ আৰু তেখেতৰ সুপাৰমৰ্শক শৈক্ষিক জীৱনত প্ৰয়োগ কৰিব পাৰিলেহে এই শিক্ষক দিৱস পালন কৰাটো সাৰ্থক হব ।

 ড০ ৰাধাকৃষ্ণণ যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় তেতিয়া ৫ ছেপ্তেম্বৰৰ দিনাখন তেওঁৰ জন্মদিন পালনৰ বাবে এগৰাকী ছাত্ৰই অনুমতি বিচাৰিছিল । তেতিয়া সিদ্ধ পুৰুষ, মহান গুণৰ অধিকাৰী গৰাকীয়ে কৈছিল যে –মোৰ জন্মদিন পালন কৰিব বিচৰাটো মোৰ বাবে গৌৰৱৰ বিষয় কিন্তু এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই আৰু অধিক আনন্দিত হম । লগতে তেওঁ শিক্ষকসকলক দেশৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি অভিহিত কৰি কয় যে- “teachers should be the best minds in the country” । তাৰ পিছত ১৯৬২ চনৰ পৰা প্ৰতি বছৰে ৫ ছেপ্তেম্বৰ তাৰিখটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে ।

এই দৰে কেৱল এগৰাকী শিক্ষাপ্ৰাণ তথা সমাজখন শিক্ষাই পোহৰাব পাৰে বুলি বিশ্বাস কৰা ব্যক্তিয়েই কব পাৰে । যি দৰে তেখেতে কৈছিল । ৰাষ্ট্ৰপতি হোৱাৰ পাছতো তেখেতে শিক্ষকতাকেই অধিক গুৰুত্ব দিছিল । পল আৰ্থাৰ স্কিলিপছে ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব অতুলনীয় বুলি কৈছিল । বিদেশত পঢ়ি থকা সময়তো সেই শিক্ষানুষ্ঠানখনক নিজৰ উপাসনাস্থলীৰ দৰেই পৱিত্ৰ বুলি জ্ঞান কৰিছিল । ইয়াৰ পৰা এটা কথা প্ৰতিয়মান হয় যে শিক্ষানুষ্ঠান এখন মন্দিৰ-মছজিদ-গীৰ্জা আদিৰ দৰেই পৱিত্ৰ । এই উপাসনা গৃহসমূহত মানুহে পৱিত্ৰ হৈ প্ৰৱেশ কৰে আৰু তাত কোৱা প্ৰতিটো কথা মনোযোগেৰে উপলব্ধি কৰে । সাধনাৰ পথ সেয়ে কঠিন বুলি কোৱা হয়। আজিৰ আধুনিক যুগত পদে-পদে শিক্ষানুষ্ঠান গঢ়ি উঠিছে। শিক্ষাৰ প্ৰসাৰৰ বাবে শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পোৱাটো ভাল কথা । কিন্তু সেই বিদ্যাৰ মন্দিৰৰ পৰিৱেশ মাৰ্জিত আৰু পৱিত্ৰ হোৱাৰ প্ৰতিও গুৰুত্ব দিব লাগিব । আজিকালি বিদ্যালয়সমূহত মবাইল ফোন, মটৰ চাইকেলকে ধৰি বিভিন্ন ধৰণৰ চাল-চলনেৰে শৈক্ষিক পৰিৱেশ কলুষিত কৰি থকা হৈছে । যুগৰ লগত খাপ খোৱাই চলিবলৈ এই নতুন প্ৰযুক্তিৰ সা-সুবিধাবিলাক আমি গ্ৰহণ কৰিব লাগিব যদিও এইবিলাকৰ ব্যৱহাৰৰ প্ৰতি আমি সচেষ্টও হব লাগিব । নহলে আধুনিকতা আমাৰ বাবে কাল হোৱাৰ অৱকাশ থাকিব। পশ্চিমীয়া দেশবিলাকৰ উন্নতিৰ মূল কাৰণ হল তেওঁলোকে প্ৰতিটো কাম সময় মতে আৰু সুপৰিকল্পিতত ভাৱে খুব সাৱধানে সম্পাদন কৰে । কৰ্মৰ প্ৰতি ভক্তিভাৱ বা একাগ্ৰতা নাথাকিলে কৰ্ম সফল নহয়। ঠিক তেনে দৰেই শিক্ষাৰ ক্ষেত্ৰত আমাৰ মন-প্ৰাণ পৱিত্ৰ হোৱাৰ আৱশ্যকতা অপৰিসীম । ৰাধাকৃষ্ণণ এই ক্ষেত্ৰত ব্যতিক্ৰম আছিল । ছাত্ৰাৱস্থাৰ প্ৰাথমিক শিক্ষা তেওঁ ঘৰতেই লাভ কৰিছিল । আৰু স্কুলীয়া কালত শিক্ষাগুৰুৰ প্ৰতি তেওঁৰ অগাধ ভক্তি আৰু শ্ৰদ্ধা আছিল । সাধনাৰে জ্ঞানী হব পৰা যায় কিন্তু সিদ্ধ পুৰুষ হবলৈ অৰ্থ্যাত্ত প্ৰজ্ঞাৰ অধিকাৰী হবলৈ জ্ঞান আহৰণৰ বেলিকা পঞ্চ ইন্দ্ৰিয় জাগ্ৰত থাকিব লাগিব । তেতিয়াহে জ্ঞানৰ প্ৰকৃত সাৰমৰ্ম অনুধাৱন কৰিব পৰা যায় ।

ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে মানৱ সভ্যতাৰ বিকাশৰ বাবে শিক্ষাতকৈ শ্ৰেষ্ট আৰু একো হব নোৱাৰে । সেয়ে শিক্ষাক জীৱনত আটাইতকৈ বেছি প্ৰধান্য দিছিল । শিক্ষকতাৰ বৃত্তিক আমি প্ৰকৃত বৃত্তি বুলি অভিহিত কৰো । এই কথাষাৰ সফল ছৱি এখন ৰাধাকৃষ্ণণৰ জীৱন-দৰ্শন লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় । আমি ৫ ছেপ্তেম্বৰ তাৰিখে তেখেতৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰাৰ মূল তাত্পৰ্য হৈছে শিক্ষক আৰু ছাত্ৰৰ মাজত মণিকাঞ্চন সংযোগৰ যি পৱিত্ৰ অৰ্থ তাক ফুটাই তোলা । শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সু-সম্পৰ্ক এটা গঢ়ি নুঠিলে তেনে পাঠ দান বা পাঠ গ্ৰহণৰ পৰা সাফল্যৰ আশা কৰিব পৰা নাযায় । বাস্তৱতে যদি আমি লক্ষ্য কৰো তেনেহলে ইয়াৰ ফলাফল আমি দেখিবলৈ পাম। শিক্ষক হৈছে ছাত্ৰক সকলোধৰণ শিক্ষাৰে শিক্ষিত কৰা গুৰু । পাঠ্যপুথিত লিপিবদ্ধ পাঠ্যক্ৰমে ছাত্ৰৰ আনুষ্ঠানিক শিক্ষাৰ চাহিদাহে পূৰণ কৰে । ইয়াৰোপৰি এগৰাকী ছাত্ৰই নাগৰিক হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ পাঠ্যক্ৰমৰ বাহিৰৰ বহু নজনা কথা জানিব লাগে । সেই কথাবিলাক ছাত্ৰ-ছাত্ৰীয়ে তেতিয়াহে জানিবলৈ সক্ষম হব যেতিয়া শিক্ষক আৰু ছাত্ৰৰ মাজত এক সুসম্পৰ্ক থাকিব ।

বৰ্তমানৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এয়া অৱশ্যে সম্ভৱপৰ হৈছে । প্ৰাইভেট বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষকসকলে সকলো ধৰণ শিক্ষাৰ্থীৰ সৈতে এক সুন্দৰ সম্পৰ্ক ৰক্ষা কৰা দেখা যায় যদিও চৰকাৰী বিদ্যালয় এই ক্ষেত্ৰত বহুখিনি পিছপৰি আছে । ফলাফলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সাধাৰণ জ্ঞান তথা আচাৰ-ব্যাৱহাৰৰ পৰা এই কথা বুজিব পৰা যায় ।

Post a Comment